অসম চৰকাৰৰ বিভিন্ন আঁচনি লাভ কৰা মহিলা হিতাধিসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ভিডিঅ’ প্ৰচাৰ কৰা অনুৰাগ অসম ওৰফে পুষ্প দাসক বিশ্বনাথ আৰক্ষীয়ে তেলেংগানাৰ মহেশ্বৰমৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে আইমাতৃ ভগ্নীসকলৰ সন্মান আৰু মৰ্যাদাক লৈ অপমানজনৰ মন্তব্য কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
আৰক্ষীৰ তদন্তত ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে বহুবিবাহকে ধৰি বহুকেইটা অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। ব্যক্তিজনৰ বিৰুদ্ধে বিহালি থানাত দুটা আৰু গহপুৰ থানাত এটা গোচৰ ৰুজু হৈ আছে বুলি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আফিছ আহমেদে প্ৰকাশ কৰিছে।