October 16, 2026 12:39 PM | Assam Police

printer

মাদকদ্রব্য সৰবৰীহকাৰীৰ বিৰুদ্ধে অব্যাহত নিৰন্তৰ অভিযানৰ বাবে মুখ্যমন্ত্রী আৰু অসম আৰক্ষীক অমিত শ্বাহৰ অভিনন্দন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নিচাজাতীয় সামগ্রী তথা মাদকদ্রব্য সৰবৰীহকাৰীৰ বিৰুদ্ধে অব্যাহত নিৰন্তৰ অভিযানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক অভিনন্দন জনাইছে। তেওঁ কয় যে অসম আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই ৯০০ৰো অধিক লোকক আটক কৰাৰ উপৰি ৫০০ৰো অধিক গোচৰ ৰুজু কৰিছে আৰু ১৮০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰিছে। আৰক্ষীয়ে লগতে অবৈধ নিচাযুক্ত দ্ৰব্য ক্রয়-বিক্রয়ৰ ঘাটিস্বৰূপ ৭০৩ টা স্থান চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰায় ৩১ কোটি টকাৰ সম্পত্তিও জব্দ কৰিছে। শ্ৰীশ্বাহে কয় সামাজিক মাধ্যমযোগে কয় যে নিচাযুক্ত দ্রব্য নিয়ন্ত্ৰণ সম্পৰ্কীয় ভৱিষ্যনথি ২০২৬-২৯ৰ জৰিয়তে মাদকদ্ৰব্যৰ নেটৱৰ্ক আৰু বিত্তীয় ভেটি পুলিয়ে পোখাই উৎখাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিচামুক্ত ভাৰত দৃষ্টিভংগীৰ অধীনত দেশৰ যুৱ প্ৰজন্মক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহৰা হৈছে। তেওঁ লগতে কয়, যে মাদকদ্ৰব্যৰ বিৰোধী এই যুঁজখন পূৰ্ণ দৃঢ়তাৰে অব্যাহত থাকিব।