বেংক একাউণ্টৰ জৰিয়তে সংঘটিত সংঘবদ্ধ বিত্তীয় প্ৰবঞ্চনাৰ গোচৰত শোণিতপুৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিশেষ টাস্ক ফর্চ, অসমে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে জনোৱা অনুসৰি গোচৰৰ তদন্তকালত পাকিস্তানী চোৰাংচোৱা কাৰ্যকলাপত জড়িত ব্যক্তিৰ সন্দেহজনক সম্পৰ্কত থকাৰ তথ্যও লাভ কৰা হয়।
এছ টি এফ এ চলোৱা প্রাথমিক তদন্তত প্ৰকাশ পোৱা মতে, গুৱাহাটীৰ চানমাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশ নগৰৰ বাসিন্দা তথা এজাহাৰত নাম উল্লেখ থকা অভিযুক্ত মর্জিনা বেগমৰ এছ বি আই বেংক একাউণ্টত যোৱা ২২ জুনৰ পৰা ৫ আগষ্টলৈ মাত্ৰ ৪৭ দিনৰ ভিতৰত কেইবা লাখ টকা জমা হৈছিল। তদুপৰি, একাউণ্টটোত প্ৰতিবাৰে ধন জমা হোৱাৰ লগে লগে সেই ধন উলিয়াই নিয়া হৈছিল। পৰৱৰ্তী সময়ত মফিজুল হক আৰু হিমাংশু দাসক বেংক একাউণ্টৰ সৈতে জড়িত সন্দেহজনক বিত্তীয় লেনদেনত জড়িত থকাৰ তথ্য পোহৰলৈ আহে।
প্রাথমিক তদন্তত পাকিস্তানী চোৰাংচোৱা কাৰ্যকলাপত জড়িত এজন ব্যক্তিৰ সৈতেও অভিযুক্ত কেইগৰাকীৰ সন্দেহজনক সম্পর্ক থকাৰ ইংগিত পোৱা যায়।
আৰক্ষীয়ে অভিযুক্তসকলৰ জিম্মাৰ পৰা মোবাইল, লেপটপ, বিভিন্ন ইলেক্টনিক সঁজুলি, বেংকৰ পাছবুক,এটিএম কার্ড আৰু অপৰাধৰ সৈতে জড়িত বিভিন্ন সন্দেহজনক নথিপত্র জব্দ কৰে । প্রাথমিক তদন্তত এই চক্ৰটোৱে কেইবা কোটি টকা প্ৰবঞ্চনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে।