November 2, 2026 8:03 PM

views 4

বেংক একাউণ্টৰ জৰিয়তে সংঘটিত সংঘবদ্ধ বিত্তীয় প্ৰবঞ্চনাৰ গোচৰত বিশেষ টাস্ক ফর্চ, অসমৰ ৬জন লোকক গ্ৰেপ্তাৰ

বেংক একাউণ্টৰ জৰিয়তে সংঘটিত সংঘবদ্ধ বিত্তীয় প্ৰবঞ্চনাৰ গোচৰত শোণিতপুৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিশেষ টাস্ক ফর্চ, অসমে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে জনোৱা অনুসৰি গোচৰৰ তদন্তকালত পাকিস্তানী চোৰাংচোৱা কাৰ্যকলাপত জড়িত ব্যক্তিৰ সন্দেহজনক সম্পৰ্কত থকাৰ তথ্যও লাভ কৰা হয়। এছ টি এফ এ চলোৱা প্রাথমিক তদন্তত প্ৰকাশ পোৱা মতে, গুৱাহাটীৰ চানমাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশ নগৰৰ বাসিন্দা তথা এজাহাৰত নাম উল্লেখ থকা অভিযুক্ত মর্জিনা বেগমৰ এছ বি আই বেংক একাউণ্টত যোৱা ২২ জুনৰ পৰা ৫ আগ...