কাছাৰ জিলাৰ ধলাই বজাৰৰ পৰা প্ৰায় ২০ কেজি আফু গুটি উদ্ধাৰ

আছাম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে ড্রাগছ বিৰোধী অভিযান চলাই কাছাৰ জিলাৰ ধলাই বজাৰৰ পৰা প্ৰায় ২০ কেজি আফু গুটি উদ্ধাৰ কৰে।

এই আফু গুটিৰ সৰবৰাহৰ সৈতে জড়িত ৩জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুখন বাহন আৰু ৩ টা মোবাইল ফোনো জব্দ কৰে। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে, এই মাদক দ্ৰব্যৰ চালান মিজোৰামৰ পৰা অনা হৈছিল আৰু শিলচৰক ট্রেনজিৎ পথ হিচাপে ব্যৱহাৰ কৰি দেশৰ অন্য প্ৰান্তলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল।

উদ্ধাৰ হোৱা মাদক দ্ৰব্য আৰু জব্দ কৰা সামগ্ৰী সমূহ তদন্তৰ বাবে ডি আৰ আই শিলচৰক গতাই দিয়া হয়। তদন্তকাৰীয়ে এই ঘটনাত আন কোনো জড়িত থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।