অসমত অহা পহিলা ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব

অসমত অহা পহিলা ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফে’চবুক লাইভত এই কথা প্ৰকাশ কৰি কয়, যে অসম আৰক্ষীৰ দুহেজাৰ ২৩৬ টা পদৰ লগতে অসম আৰক্ষীৰ ৰেডিঅ’ অর্গেনাইজেচনৰ বাবে ৬৮৪ টা, অগ্নি নির্বাপক আৰু জৰুৰীকালীন বিভাগৰ বাবে ৪৮৯ টা বন বিভাগৰ বাবে ১,৩০৭ টা, গৃহৰক্ষীৰ বাবে ৮২৭ টা আৰু কাৰাগাৰৰ বাবে ১৫১ টা খালী পদকে ধৰি মুঠ ৫,৭৩৪ টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ড° শৰ্মাই লগতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ছেপ্তেম্বৰৰ ধন অহা ২৮ অক্টোবৰত প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিৰ বাবে পহিলা জানুৱাৰীত প’ৰ্টেল মুকলি কৰা হ’ব।

এইবাৰ নতুনকৈ ৫০ হাজাৰ হিতাধিকাৰীক এই আঁচনিৰ ধন প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে, অহা ৭ ডিচেম্বৰত স্বাগত সতীৰ্থ প’ৰ্টেল মুকলি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, যে ইয়াৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে পাৰস্পৰিক বদলিৰ সুবিধা ল’ব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।