পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক গ্ৰেপ্তাৰ

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৱাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কার্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

এই দেশবিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশেষ কার্যবাহিনীয়ে ৰিতেশ কুমাৰ সিঙক আটক কৰে। সোধা-পোছাৰ অন্তত বিশেষ কার্যবাহিনীয়ে আজি লোকজনক গ্ৰেপ্তাৰ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।