অসম আৰক্ষীৰ গতিশীলতা আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষমতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান-বাহন শাখাক আজি ৫০ খন নতুন মটৰ চাইকেল প্ৰদান কৰা হয়। লোক সেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মটৰ চাইকেলসমূহ প্ৰদান কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত অনুষ্ঠানত উপস্থিত থাকে। এই নতুন পদক্ষেপে জনসাধাৰণৰ বাবে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসম আৰক্ষীক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Assamese | October 4, 2026 7:11 PM | Assam Police
মহানগৰ আৰক্ষীৰ যান-বাহন শাখাক ৫০ খন নতুন মটৰ চাইকেল প্ৰদান