September 6, 2026 11:12 AM

views 52

ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত ৩৩০ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ ৩৩০ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰৱঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ ২৯ খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰ...

September 5, 2026 6:35 PM

views 15

ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ ২৯ খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পর্যন্ত ৩৩০ জন প্ৰৱঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংশা কৰাৰ দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ দুজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছ...

September 2, 2026 6:19 PM

views 20

বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিবঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবল...

August 14, 2026 7:10 PM

views 19

ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাক্স ফ’ৰ্ছে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৮০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাক্স ফ'ৰ্চৰ এটা দলে গুৱাহাটী ছয়মাইলৰ চচলৰ এটা ফ্লেটত অভিযান চলাই ১০ কিলোগ্রাম হেৰ'ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাক্স ফ'ৰ্ছে পাঞ্জাবৰ লুধিয়ানাৰ হৰদ্বীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীজনে হেৰ'ইনখিনি পাঞ্জাবলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাক্স ফ'ৰ্ছে ফ্লেটটোত অভিযান ...

August 13, 2026 12:00 PM

views 32

আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱানিশা আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা ১.৫০ লাখ টা য়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৩৮ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

July 18, 2026 11:10 AM

views 35

আধাৰৰ অধীনত অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি

অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিভিকেচন ছিকিং এণ্টিটি - অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে।  এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰকাৰ্ড পৰিচয় পত্ৰত থকা কিউ আৰ ক’ড স্কেন কৰি তৎক্ষণাত প্ৰমাণপত্ৰ পৰীক্ষা কৰিব পাৰিব।  এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্রয়োজন নাথাকিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আধাৰ কিউ আৰ ক...

July 17, 2026 12:41 PM

views 21

কোকৰাঝাৰত উত্তৰ প্ৰদেশৰ ৪জন লোকক আটক, পিষ্টল জব্দ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বলমগুৰিত যোৱানিশা আৰক্ষীয়ে ৪জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটাইকেইজন লোকেই উত্তৰ প্ৰদেশৰ আৰু তেওঁলোকৰ পৰা এটা পিষ্টল জব্দ কৰা হয়।

July 10, 2026 6:28 PM

views 25

কাছাৰ আৰক্ষী অভিযানত শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা ৭ কেজি ২৩ গ্রাম ওজনৰ মুঠ ১১২ টা নকল সোণৰ টুকুৰা জব্দ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা ৭ কেজি ২৩ গ্রাম ওজনৰ মুঠ ১১২ টা নকল সোণৰ টুকুৰা জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে আশীষ কুমাৰ ৰায় নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিৰুদ্ধে প্রয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু জব্দ হোৱা সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব।

July 6, 2026 7:33 PM

views 34

আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৰা আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত আজি টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুৱকজনক আটক কৰাৰ পাছত তদন্ত কৰে। তদন্ত প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যুৱকজনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷

June 15, 2026 2:08 PM

views 39

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত বেছিমাৰীত চলোৱা অভিযানত ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু ওমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে।