August 13, 2026 12:00 PM

views 27

আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱানিশা আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা ১.৫০ লাখ টা য়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৩৮ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

July 18, 2026 11:10 AM

views 33

আধাৰৰ অধীনত অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি

অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিভিকেচন ছিকিং এণ্টিটি - অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে।  এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰকাৰ্ড পৰিচয় পত্ৰত থকা কিউ আৰ ক’ড স্কেন কৰি তৎক্ষণাত প্ৰমাণপত্ৰ পৰীক্ষা কৰিব পাৰিব।  এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্রয়োজন নাথাকিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আধাৰ কিউ আৰ ক...

July 17, 2026 12:41 PM

views 16

কোকৰাঝাৰত উত্তৰ প্ৰদেশৰ ৪জন লোকক আটক, পিষ্টল জব্দ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বলমগুৰিত যোৱানিশা আৰক্ষীয়ে ৪জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটাইকেইজন লোকেই উত্তৰ প্ৰদেশৰ আৰু তেওঁলোকৰ পৰা এটা পিষ্টল জব্দ কৰা হয়।

July 10, 2026 6:28 PM

views 21

কাছাৰ আৰক্ষী অভিযানত শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা ৭ কেজি ২৩ গ্রাম ওজনৰ মুঠ ১১২ টা নকল সোণৰ টুকুৰা জব্দ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা ৭ কেজি ২৩ গ্রাম ওজনৰ মুঠ ১১২ টা নকল সোণৰ টুকুৰা জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে আশীষ কুমাৰ ৰায় নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিৰুদ্ধে প্রয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু জব্দ হোৱা সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব।

July 6, 2026 7:33 PM

views 27

আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৰা আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত আজি টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুৱকজনক আটক কৰাৰ পাছত তদন্ত কৰে। তদন্ত প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যুৱকজনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷

June 15, 2026 2:08 PM

views 34

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত বেছিমাৰীত চলোৱা অভিযানত ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু ওমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে।

January 22, 2026 12:17 PM

views 77

চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন মাদক দ্ৰব্য সৰবৰাহকাৰী থানাৰ পৰা পলায়ন কৰাৰ পাছতে আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।

January 22, 2026 12:04 PM

views 59

পানীখাইটিত চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ’ব

কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠান চমুকৈ চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত গুৱাহাটী লোকসভা সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও উপস্থিত থাকিব। এই নতুন আন্তঃগাঁথনিত প্ৰশিক্ষাৰ্থীৰ আবাস, শিক্ষাদান ব্লক, ৰান্ধনীশাল আৰু ডাইনিং হল, সামগ্ৰী সংৰক্ষণ, উদ্ধাৰ...

January 19, 2026 7:24 PM

views 71

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক আজি অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান কৰা হয়। ১৯৯৯ বেছৰ আই পি এছ বিষয়া শ্ৰীমহন্ত এই সন্মান লাভ কৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে। বেলুৰ মঠৰ ৰামকৃষ্ণ মিচন বিবেকানন্দ এডুকেচন এণ্ড ৰিচাৰ্ছ ইন্সটিটিউটৰ সম-উপাচাৰ্য্য আত্মপ্ৰিয়নন্দে তেওঁক এই সন্মান প্ৰদান কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অৰূপ ৰাহা আৰু উপাচাৰ্য্য ৰাজীৱ মোহন পন্থ উপস্থিত থাকে। উল্লেখযোগ্য যে, এ...

January 13, 2026 8:29 PM

views 65

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষীয়ে অভিযান চলাই আমিনগাওঁত ১১ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে এই অভিযানত আনোৱাৰ হুছেইন কাজি আৰু আমিনুল চিকদাৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি নামনি অসমলৈ সৰবৰাহৰ চেষ্টা চলাওতেই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।