October 28, 2025 10:53 AM

views 181

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক আটক

● গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পাছতেই সংগঠনটোৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কালি শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰে। তেওঁ এই বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি শীঘ্ৰেই তেওঁলোকক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়। শৃংখল চলিহাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ লগতে সংগঠনটো কেৱল অসম আৰু অসমীয়াৰ বাবেহে দায়বদ্ধ বুলি উল্লেখ কৰে। ধন দাবী আৰু অপহ...

October 27, 2025 9:03 PM

views 108

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক

গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰণ্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে। সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিশপুৰ থানাত দুয়োকে সোধা-পোচা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয...

October 26, 2025 12:14 PM

views 78

তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পর্যালোচনা বৈঠক

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। শ্রীসিঙে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সেনা বাহিনীৰ শীৰ্ষ বিষয়া, চোৰাংচোৱা বিষয়া, শদিয়া আৰু তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে। এই বৈঠকত শেহতীয়াকৈ তিনিচুকীয়াত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ বৃদ্ধি, সীমান্তৰ নিৰাপত্তা আৰু সেনা বাহিনীৰ শিবিৰত সংঘটিত আক্রমণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে আলফা স্ব...

October 21, 2025 11:35 AM

views 63

বাক্সা জিলাৰ নিকাছি কাৰাগাৰত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত আৰু দুজন লোকক গ্ৰেপ্তাৰ

বাক্সা জিলাৰ নিকাছি কাৰাগাৰত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্রতীম বৰুৱাই জনোৱা মতে হিংসাত্মক ঘটনাৰে জড়িত মুঠ ১১ জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা ১৫ অক্টোবৰত জুবিন গাৰ্গৰ মুত্যুৰ সৈতে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। দুই অভিযুক্তক কঢ়িয়াই নিয়া বাহনলৈ লক্ষ্য কৰি একাংশ লোকে শিলগুটি নিক্ষেপ কৰিছিল। ইয়াৰ পিছতেই পৰিস্থিতি অধিক অবনতি ঘটে। আৰক্ষী অধীক্ষকগ...

October 10, 2025 12:56 PM

views 96

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়। সোধা-পোচাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে এছ আই টিয়ে কলিতাক সোধা-পোচা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত য়'টত জুবিন...

October 5, 2025 11:41 AM

views 87

গুৱাহাটীৰ বামুণীমৈদামৰ ৰে’লৱে কলনিত বিজয়া দশমীৰ দিনা এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰে

গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ ৰে'লৱে কলনিত শাৰদীয় দুর্গা পূজাৰ বিজয়া দশমীৰ দিনা জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰাৰ বাবে এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চানমাৰি আৰক্ষীয়ে বামুণীমৈদামৰ ৰাজু দত্ত, গোপাল দাস, বসন্ত বাছফৰ, বিশাল চক্ৰৱৰ্তী, বিজু শীল, ৰমেন দাকুৱা, শুভেন্দ্ৰ শেখৰ ৰয় আৰু বৰুণ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। অৱশ্যে এই ঘটনাৰ মূল অভিযুক্ত আন ১০ জন লোক এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে ২ অক্টোবৰত দুৰ্গা পূজা...

October 1, 2025 8:57 PM

views 106

আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

October 1, 2025 7:12 PM

views 82

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

September 30, 2025 12:12 PM

views 86

কাছাৰ আৰক্ষীৰ শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ

কাছাৰ আৰক্ষীয়ে কালি নিশা শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দ কৰা এই বৃহৎ পৰিমাণৰ টেবলেটখিনিত মূল্য ৯ কোটিৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট কঢ়িওৱা ট্রাকসহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।

September 26, 2025 11:47 AM

views 90

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্...