ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৰা আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত আজি টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুৱকজনক আটক কৰাৰ পাছত তদন্ত কৰে। তদন্ত প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যুৱকজনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷