দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে।
এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে।
এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু ওমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে।