September 4, 2026 6:32 PM

views 19

দৰঙৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰত জন্মাষ্টমী কাৰ্যসূচীত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্য

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি-নীতিৰে উৎসাহ- উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ-নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে । ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। ৰাজ্যপাল শ্রীলক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি দৰঙৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰত জন্মাষ্টমী কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক পৰম্পৰা কথা সুঁৱৰি কয়, যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু জিলাখনৰ বৈষ্ণৱ আন্দোলনে ভাৰতৰ ই...

June 15, 2026 2:08 PM

views 34

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত বেছিমাৰীত চলোৱা অভিযানত ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু ওমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে।

June 8, 2026 7:08 PM

views 38

দৰং জিলাৰ স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ

দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ এখন ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি প্ৰতিষ্ঠানখনৰ গৰাকী ধ্ৰুৱ সৰকাৰক আটক কৰে।

January 6, 2026 7:01 AM

views 63

জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীক চেক বিতৰণ

কৰ্কটকে ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীৰ মাজত তেওঁলোকৰ চিকিৎসা ব্যয়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহায্য আঁচনি সুহৃদৰ অধীনত মুঠ ২ লাখ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। মঙলদৈৰ সাংসদ কাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্য্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 5, 2025 2:49 PM

views 61

দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ

● দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি জিলাখনৰ ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ আদি লগাই পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ঘন কুঁৱলিৰ ফলত পথসমূহত প্রায়ে দুর্ঘটনা সংঘটিত হয়। এনে সময়তে বন ভোজৰ দলসমূহৰো বহু গাড়ী দুৰ্ঘটনাত পতিত হোৱা দেখা যায়। সেয়েহে জিলাখনৰ পৰিবহন বিষয়াসকলে এন্ধাৰ হোৱাৰ লগে লগে বাহনসমূহত ফগলাইট জ্বলোৱা, পথৰ কাষত গাড়ী পাৰ্ক নকৰা, গাড়ীৰ গতিবেগ নিয়ন্ত্ৰিত কৰি ৰখা, চিটবেল্ট বা হেলমেট পৰিধান কৰা- আদি বিষয়ৰ প্ৰতি চালকসকলক সচেতন কৰি তোলাৰ উদ্দেশ্যে ...

September 16, 2025 7:14 PM

views 96

ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ ৰাইজে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত পালন কৰা এই উৎসৱ পূৰ্বে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি...

April 11, 2025 8:39 PM

views 74

দৰং জিলাৰ দলগাওঁস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ত ২খনকৈ গ্ৰন্থৰ লগতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী বীক্ষণ উন্মোচন

দৰং জিলাৰ দলগাওঁস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ত আজি দুখনকৈ গ্ৰন্থৰ লগতে মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ৰীক্ষণৰ চতুৰ্থ সংখ্যা উন্মোচন কৰা হয়। অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই গ্রন্থ দুখন উন্মোচন কৰে। এই গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্র-ছাত্রীসকলে অংশগ্ৰহণ কৰে।

December 10, 2024 7:38 PM

views 59

মঙলদৈৰ দৰং কৰ্কট কেন্দ্ৰত কৰ্কট সজাগতাৰ লগতে বিনামুলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কার্যসূচী

মঙলদৈত থকা দৰং কৰ্কট কেন্দ্ৰত আজি দৰং আৰু ওদালগুৰি জিলাৰ মহিলা আৰক্ষীসকলৰ বাবে কৰ্কট সজাগতাৰ লগতে বিনামুলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কার্যসূচী সম্পন্ন হয়। জিলা দুখনৰ ৫০ গৰাকী মহিলা আৰক্ষীয়ে অংশ লোৱা এই দিনযোৰা কাৰ্যসূচীত কৰ্কট কেন্দ্ৰটোত উপলব্ধ চিকিৎসা সেৱা সমূহৰ লগতে কৰ্কট ৰোগৰ লক্ষণ, কাৰক আৰু ইয়াৰ প্ৰতিৰোধ আৰু সাৱধানতাৰ বিষয়ে জনোৱা হয়।

December 10, 2024 6:30 PM

views 76

বে-আইনীভাৱে মাটি কটা ৰোধ কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰঙৰ জিলা দণ্ডাধীশৰ টাস্কফোৰ্চ গঠন

দৰঙৰ জিলা দণ্ডাধীশে ছিপাঝাৰ সম জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত কেতবোৰ লোকে বেআইনীভাৱে মাটি কটা ৰোধ কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা টাস্কফোৰ্চ গঠন কৰি দিছে। ইতিমধ্যে জিলা দণ্ডাধীশে জিলাখনৰ মাজেৰে বৈ যোৱা সকলো নদীৰ মথাউৰিৰ দুয়োকাষে অকৰ্তৃত্বশীলভাৱে মাটি খননত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু এই নিৰ্দেশনা উলংঘনৰ বাবে শাস্তিৰ সন্মুখীন হব বুলি সকিয়াই দিছে। এই সম্পৰ্কত জনসাধাৰণৰ কিবা অভিযোগ বা তথ্য থাকিলে ৬০০০ ১৩২১ ৪১ অথবা ৮১৩৩ ৯২৪৯ ৯৬ ফোন নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

December 5, 2024 9:04 PM

views 61

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৮ ডিচেম্বৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱস উদযাপন কৰা হ’ব

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎ‍সা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৫ বছৰ তলৰ এক লাখ ৪০ হাজাৰ ৭১৩টা শিশুক ৮৫৭টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্যে ৩৪৯ গৰাকী এ এন এম, এহেজাৰ ১০ গৰাকী আশাকর্মী, এহেজাৰ ১১৯ গৰাকী অংগনৱাড়ী কৰ্মী, ২১১ গৰাকী পৰিদৰ্শক আৰু ২৯১ গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে ৮ ডিচেম্বৰত মঙলদৈ অসামৰিক ...