দৰং জিলাৰ স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ

দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ এখন ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ কৰে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি প্ৰতিষ্ঠানখনৰ গৰাকী ধ্ৰুৱ সৰকাৰক আটক কৰে।