June 8, 2026 7:08 PM

views 27

দৰং জিলাৰ স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ

দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ এখন ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি প্ৰতিষ্ঠানখনৰ গৰাকী ধ্ৰুৱ সৰকাৰক আটক কৰে।

June 10, 2025 8:01 PM

views 77

যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তৰ উদ্দেশ্যে পঞ্জাব চৰকাৰৰ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগৰ সিদ্ধান্ত

পঞ্জাব চৰকাৰে ৰাজ্যখনত যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে যাৱতীয় সহযোগিতা আৰু পৰামৰ্শ প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। পঞ্জাব চৰকাৰে ৰাজ্যখনৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে আৰম্ভ কৰা য়ুধ নাছিয়ান বিৰুধ অর্থাৎ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ কাৰ্যসূচীৰ উপ-সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল ৰোগীসকলক পাৰ্যমানে মানসিক আৰু আৱেগিক সমৰ্থন প্রদানেৰে তেওঁলোকক এই আসক্তিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰা হ'ব। ...

May 27, 2025 11:43 AM

views 67

কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, মাদক দ্রব্যসহ যুৱকক গ্ৰেপ্তাৰ

◆ কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছে যোৱা নিশা অভিযান চলাই জিলাখনৰ পূব ধলাইৰ মোহনখাল, ৰাম মানিকপুৰ গাঁও পঞ্চায়তৰ স্মিথ নগৰ বনগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু মাদক দ্রব্যসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫৬টা চাবোনৰ বাকচত ৬৪৮ গ্রাম হেৰ'ইন উদ্ধাৰ কৰা হয়। এই হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ৩.৫০ কোটি হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। লোকজনৰ পৰা এটা পিষ্টল, দুটা মেগজিন আৰু ১৯টা গুলী জব্দ কৰা হয়। ধৃত লোকজন লক্ষীপুৰ থানা এলেকাৰ দিলকুচ গ্রাণ্টৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

January 22, 2025 8:37 PM

views 57

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰ

নগাওঁ জিলাৰ ৰূপহীহাটৰ ভকতগাওঁ খেলপথাৰৰ ওচৰত যোৱা নিশা আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যাওতে এটা ৫ জনীয়া ড্ৰাগছ মাফিয়াৰ দলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক অপহৰণ কৰিবলৈকো চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খলিলুৰ ৰহমান আৰু ৰাকিবুল হুছেইন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন তিনিজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

January 22, 2025 8:34 PM

views 53

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

November 4, 2024 6:57 PM

views 98

নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ বৰপেটাৰ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ অভিযান অব্যাহত

বৰপেটা জিলাৰ বিভিন্ন স্থানত নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কলগাছিয়া ৰাজহ চক্ৰৰ খাৰবল্লি, সুথিৰপাথাৰ, আমগুৰিকে ধৰি কেইবাখনো গাঁৱত চলোৱা অভিযানত ভাং খেতি নষ্ট কৰা হয় ৷ বিগত কিছুদিন ধৰি ৰাইজে নিজাববীয়াকৈ এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কমেও সাতটা পৰিয়ালৰ ঘৰৰ চৌহদৰ ভাং খেতি ৰাইজে নষ্ট কৰিছে বুলি জানিব পৰা গৈছে।