তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ’ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
Assamese | January 22, 2025 8:34 PM | Akashvani | Anti Drug | Assam Police | Tamulpur District
তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ