June 3, 2026 7:41 PM

views 32

তামুলপুৰ জিলাৰ কুমাৰপাৰাত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন

তামুলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বি টি চিৰ উপাধ্যক্ষ বিজিৎ‍ গৌড়া নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাশগুৰি চুবা অঞ্চলৰ ...

December 26, 2025 5:59 PM

views 55

তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা

তামুলপুৰ জিলাৰ চেঁচাপানীত আজি তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়-ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাখনত হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সভাখনতখন বিভাগ তৰফৰ পৰা ৰাইজৰ মাজত উন্নত মানৰ টর্চ লাইট বিত...

August 21, 2025 7:10 PM

views 61

তামুলপুৰৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামুলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্রমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা আয়ুক্তই ভাৰতীয় ন্যয় সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। গাঁও দুখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলৰ গাহৰিসমূহ নিধন কৰিবলৈ আয়ুক্তই নিৰ্দেশ দিছে। তদুপৰি সংক্ৰমিত অঞ্চলসমূহৰ পৰা...

June 29, 2025 7:49 PM

views 52

তামুলপুৰ জিলাৰ দৰঙাত ৰাণ ফ’ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত আজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত ২১ কিলোমিটাৰৰ ৰাণ ফ'ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্রতিযোগিতা মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে এনে কাৰ্যসূচীয়ে ড্রাগছ, বাল্য বিবাহ, পথ সুৰক্ষা আদিৰ ক্ষেত্ৰত ৰাজ্যখনলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত পুৰুষ-মহিলা উভয়ৰে পাঁচগৰাকীকৈ প্ৰতিযোগীক পুৰস্কৃত কৰা হয়।

April 3, 2025 8:24 PM

views 46

তামুলপুৰ জিলাৰ পথালিকুছিৰ মাইনাও পথাৰত কাইলৈৰ পৰা ৩ দিনীয়াকৈ সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন

তামুলপুৰ জিলাৰ পথালিকুছিৰ মাইনাও পথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। বাথৌ মহাসভাৰ তামুলপুৰ জিলাৰ আতিথ্যত আয়োজিত এই অধিৱেশনৰ বাবে মাইনাও পথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাসহ কেইবাগৰাকীও মন্ত্রী-বিধায়ক তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

January 22, 2025 8:34 PM

views 57

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

December 5, 2024 9:01 PM

views 47

তামুলপুৰত বনভোজৰ দলসমূহৰ ওপৰত জিলা দণ্ডাধীশৰ কেতবোৰ নিষেধাজ্ঞা

তামুলপুৰৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বনভোজৰ দলসমূহৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি বনভোজৰ দলসমূহে পুৱা ৯ বজাৰ পূৰ্বে বনভোজস্থলীত উপস্থিত হ'ব নোৱাৰিব আৰু বিয়লি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। প্লাষ্টিক আৰু উচ্চ প্রাবল্যৰ শব্দযন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।

November 30, 2024 8:05 PM

views 64

তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা হিতাধিকাৰীসকলেও তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব বুলি মন্তব্য কৰে। নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলাখনৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত একোখন সমিতি গঠনৰ বাবেও সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৪৭০ টা ভোটগ্রহণ কেন্দ্ৰৰ প্ৰতিটোতে গাওঁসভা অনুষ্ঠিত ক...

November 29, 2024 6:59 PM

views 62

তামুলপুৰত জিলা উন্নয়ন সমিতিৰ সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ নৱেম্বৰ মাহৰ বিভাগীয় পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগ তথা মিছনৰ বিষয়াসকলে অংশগ্ৰহণ কৰা সভাখনত অধ্যক্ষতা কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। সভাৰ আৰম্ভণিতে উপস্থিত বিষয়াসকলক জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলাখনৰ সাফল্য সম্পৰ্কেও অৱগত কৰে। এই সাফল্যৰ বাবে বিষয়াসকলৰ সহযোগিতাৰো তেখেতে শলাগ লয়‌। তাৰ পাছতে বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰাৰ লগতে উন্নয়নমূলক পদক্ষেপসমূহ সময় মতে ৰূপায়ণৰ বিষয়ে আলোচনা ক...

October 16, 2024 6:50 PM

views 80

তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সদ্ভাৱনা-থ্রি পইণ্ট জিৰো শীৰ্ষক সভা অনুষ্ঠিত

ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কাম-কাজসমূহ সময়মতে আৰু সূচাৰুৰূপে সম্পন্ন কৰিবলৈ অসম চৰকাৰে আৰম্ভ কৰা সম্ভাৱনা শীৰ্ষক প্ৰকল্পৰ অধীনত সকলো চৰকাৰী কাৰ্যালয়সমূহ কাগজবিহীন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উপলক্ষে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সদ্ভাৱনা-থ্রি পইণ্ট জিৰো শীৰ্ষক এখন সভা অনুষ্ঠিত হয়। সভাখনত তামুলপুৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষককে প্ৰমুখ্য কৰি সংশ্লিষ্ট ২৪ টা বিভাগৰ বিষয়াসকল উপস্থিত থাকে।