তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা হিতাধিকাৰীসকলেও তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব বুলি মন্তব্য কৰে। নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলাখনৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত একোখন সমিতি গঠনৰ বাবেও সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৪৭০ টা ভোটগ্রহণ কেন্দ্ৰৰ প্ৰতিটোতে গাওঁসভা অনুষ্ঠিত কৰাৰ উপৰি ১৬ ৰ পৰা ২১ ডিচেম্বৰলৈ পালন কৰিবলগীয়া অৰুণোদয় সপ্তাহৰ সময়ছোৱাতো গাওঁসভা অনুষ্ঠিত কৰিব লাগিব বুলি এই বৈঠকত উল্লেখ কৰা হয়। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ দ্বাৰা এইবাৰ জিলাখনৰ ৫৯ হাজাৰ হিতাধিকাৰী সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি আয়ুক্তগৰাকীয়ে সভাত প্ৰকাশ কৰে।
Assamese | November 30, 2024 8:05 PM | Akashvani | Akashvani Guwahati | Tamulpur District
তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা