তামুলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়।
বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বি টি চিৰ উপাধ্যক্ষ বিজিৎ গৌড়া নাৰ্জাৰী উপস্থিত থাকে।
এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে।
তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাশগুৰি চুবা অঞ্চলৰ পানী নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।