June 29, 2025 7:49 PM | Tamulpur District

printer

তামুলপুৰ জিলাৰ দৰঙাত ৰাণ ফ’ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত আজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত ২১ কিলোমিটাৰৰ ৰাণ ফ’ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্রতিযোগিতা মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে এনে কাৰ্যসূচীয়ে ড্রাগছ, বাল্য বিবাহ, পথ সুৰক্ষা আদিৰ ক্ষেত্ৰত ৰাজ্যখনলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত পুৰুষ-মহিলা উভয়ৰে পাঁচগৰাকীকৈ প্ৰতিযোগীক পুৰস্কৃত কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।