দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি-নীতিৰে উৎসাহ- উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ-নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে । ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে।
ৰাজ্যপাল শ্রীলক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি দৰঙৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰত জন্মাষ্টমী কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক পৰম্পৰা কথা সুঁৱৰি কয়, যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু জিলাখনৰ বৈষ্ণৱ আন্দোলনে ভাৰতৰ ইতিহাস আৰু ঐতিহ্যক বিশেষভাৱে সমৃদ্ধ কৰিছে। অনুষ্ঠানত তেওঁ অসমৰ সত্ৰ আৰু নামঘৰসমূহক সংস্কৃতিৰ বিদ্যালয় আৰু আধ্যাত্মিক সচেতনতাৰ কেন্দ্ৰ বিন্দু, কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ বাহক তথা সামাজিক একতাৰ স্তম্ভ হিচাপে অভিহিত কৰে।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত ৰীতি-নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা-অৰ্চনা কৰা হয়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সত্ৰ নগৰী বৰপেটাতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মোৎসৱ পালন কৰা হৈছে।
শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী আদিতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে।
মাজুলীৰ ৩৩খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। ঐতিহ্যমণ্ডিত ভোগপুৰ সত্ৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি উপলক্ষে ছখন উদাসীন সত্ৰৰ ২৭গৰাকী বৈষ্ণৱ আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
ইপিনে, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্রতিযোগিতা অনুষ্ঠিত হয়। উলাবৰী হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত ৮৩ সংখ্যক নাও খেল প্রতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা ১৫খন নাৱে অংশগ্ৰহণ কৰে।