September 29, 2026 5:09 PM

views 6

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ ১০ খন জিলাত ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে। তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ হাব...

September 4, 2026 6:32 PM

views 20

দৰঙৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰত জন্মাষ্টমী কাৰ্যসূচীত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্য

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি-নীতিৰে উৎসাহ- উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ-নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে । ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। ৰাজ্যপাল শ্রীলক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি দৰঙৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰত জন্মাষ্টমী কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক পৰম্পৰা কথা সুঁৱৰি কয়, যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু জিলাখনৰ বৈষ্ণৱ আন্দোলনে ভাৰতৰ ই...

July 29, 2026 1:32 PM

views 36

‘নিচামুক্ত যুৱ প্ৰজন্ম’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে বৈঠক

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীর্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ কালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে লোকভৱনত বৈঠকত মিলিত হয়। ২ আগষ্টত আৰম্ভ হ'বলগীয়া এই অভিযান এশ সপ্তাহ ধৰি চলিব উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এখন নিচামুক্ত, সুস্থ আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ পোষকতা কৰিছে। এই অভিযানৰ গুৰুত্ব সম্পৰ্কত আলোকপাত কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয়, যে মাদকদ্ৰব্য ব্যৱহ...

July 8, 2026 1:49 PM

views 28

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোক ভৱনত ৰাজ্যপাল শ্রী লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিবেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগ...

November 20, 2025 9:02 PM

views 66

সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থলঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ ১,২০০তকৈ অধিক সত্র আৰু ৪ হাজাৰৰো অধিক নামঘৰে ভক্তি, পৰম্পৰা, অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি, পৰম্পৰা তথা নৃত্য-গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্লেখ কৰ...

November 20, 2025 7:01 PM

views 59

ধেমাজিত সদৌ অসম সত্র মহাসভাই আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ এহেজাৰ ২০০তকৈ অধিক সত্ৰ আৰু ৪ হাজাৰৰো অধিক নামঘৰে ভক্তি, পৰম্পৰা, অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি, পৰম্পৰা তথা নৃত্য-গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্ল...

September 5, 2025 7:18 PM

views 142

ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টীয়কৰ আধাৰসত্ৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্ৰাথমি...

August 24, 2025 12:42 PM

views 50

কাছাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ

■ কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে কালি শিলচৰৰ কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত বিভাগীয় বিষয়াসকলৰ সৈতে মিলিত হয়। পাছত তেওঁ সাংবাদিকৰ আগত কয়, যে কাছাৰৰ উন্নয়নমূলক কামকাজত তেওঁ সন্তুষ্টি লাভ কৰিছে। এই প্রচেষ্টাই অনাগত দিনত জিলাখনত অধিক উন্নয়নৰ পথ মুকলি কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপালগৰৰাকীয়ে নিচামুক্ত সমাজ গঢ়াৰ বাবে ...

April 9, 2025 12:48 AM

views 48

ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাবেশেই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উদযাপন। ২০০৫ চনত প্ৰৱৰ্তন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এই আইনখনে স্বচ্ছতাক ৰক্ষা কৰাৰ লগতে দুর্নীতি হ্ৰাস কৰা প্ৰশাসনিক সেৱা আগবঢ়োৱা আৰু দায়বদ্ধতা সুনিশ্চিত ক...

April 3, 2025 9:40 PM

views 78

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল বাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনছালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ বামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বাপ্পী পাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ ব...