নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে।
তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়।
ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ ১০ খন জিলাত ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে।
তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হ’বলৈ আহ্বান জনায়। এই পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ হাবে টেৰণ, বিধায়ক নিছ’ তেৰাংপিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।