September 29, 2026 5:09 PM

views 3

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ ১০ খন জিলাত ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে। তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ হাব...

September 2, 2026 6:17 PM

views 13

ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘আমাৰ মাটি আমাৰ নায়ক’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বৈঠক

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াৰ সভাপতিত্বত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আমাৰ মাটি আমাৰ নায়ক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ এই কাৰ্যসূচীৰ সঠিক ৰূপায়ণ, পৰ্যবেক্ষণ, আৰু পৰিকল্পনা সুনিশ্চিত কৰাৰ বাবে জিলা পৰ্যায়ৰ সমিতিৰ সদস্যসকলক সহযোগিতাৰে কাম কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। তেওঁ অহা ১৫ অক্টোবৰৰ ভিতৰত জিলাখনৰ আমাৰ মাটি আমাৰ নায়ক কাৰ্যসূচীৰ বাবে বাচনি কৰিবলগীয়া লোকসকলৰ বিষয়ে সবিশেষ দাখিল কৰিবলৈ আহ্বান জনায়। বৈঠকত পদ্ম...

August 19, 2026 7:36 PM

views 17

ডিফুৰ তাৰালাংছ’ত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী পীযূষ হাজৰিকাৰ

কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছ'ত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধার্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ ৩ শতাংশ সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্রধানমন্ত্ৰী কিষাণ স...

July 2, 2026 11:43 AM

views 27

ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ MVCCৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩০ জুলাইলৈ ১১ কিলোৱাৰ্টৰ ফিডাৰ কৰ্তন

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত ১১ কিলোৱাটযুক্ত মিডিয়াম ভল্টেজি৷ কোভাৰ্ড কণ্ডাক্তৰ অৰ্থাৎ MVCCৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩০ জুলাইলৈ ১১ কিলোৱাৰ্টৰ ফিডাৰ কৰ্তন কৰা হ'ব। এই সময়ছোৱাত ডিফু নগৰ, মাটিপুং, দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী জাৰি কৰিছে।

November 3, 2025 9:37 PM

views 57

ডিফুত লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ আয়োজন

লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপন উদ্দেশ্যে আজি ডিফু আৱৰ্ত ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। এই উপলক্ষে জিলা আয়ুক্ত নিৰলা ফানছপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অহা ৮ নৱেম্বৰত হ'বলগীয়া একতা পদযাত্ৰা কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰববীসকলৰ উপস্থিতিত আয়োজিত সভাখনত পদযাত্ৰাৰ পূৰ্বে অমৃত সৰোবৰসমূহ পৰিষ্কাৰ কৰণ, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক দায়িত্ব অর্পণ কৰে। দেশ...

July 18, 2025 1:21 PM

views 77

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...

February 17, 2025 6:18 PM

views 55

তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন লো...

February 7, 2025 6:37 PM

views 74

কাৰ্বি আংলঙৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ত বাটৰ নাট অনুষ্ঠিত

কাৰ্বি আংলং জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত আজি কাৰ্বি আংলং জিলাৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ত এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়। সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ৰ অংশ হিচাপে আয়োজন কৰা এই বাটৰ নাটত বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু সতীৰ্থ শিল্পীসকলে অভিনয় কৰে। বাটৰ নাটৰ মাধ্যমেৰে জনসাধাৰণক পলিথিনৰ বেগ ব্যৱহাৰৰ পৰা বিৰত থাকি কিদৰে পৰিৱেশ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

November 14, 2024 12:20 PM

views 60

অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি সন্ধিয়া সামৰণি পৰে। ছিকিমৰ বিশিষ্ট পৰিৱেশকর্মী ছ'নাম বাংচুকে উদ্বোধন কৰা এই আলোচনাচক্ৰত ষষ্ঠ অনুসূচী সম্পর্কে বহুলভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী সম্পূৰ্ণ হোৱা উপলক্ষে ৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অহা বিশিষ্ট শিক্ষাবিদ আৰু অধ্যাপকসকলে ষষ্ঠ অনুসূচী সন্দৰ...

November 4, 2024 6:40 PM

views 51

ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনাৰে ডিফু আৱৰ্ত ভৱনত বৈঠক

সমাগত ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি ডিফু আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্তৰ লগতে ডিফু, মাঞ্জা, বকলীয়াঘাট আৰু হাওৰাঘাটৰ ষট পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে পূজা উদযাপন কৰিবলগীয়া স্থানসমূহ মেৰামতি কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তদুপৰি পূজাথলীসমূহত চি চি টি ভি সংস্থাপনৰ লগতে অন্যান্য সতর্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।