কাৰ্বি আংলং জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত আজি কাৰ্বি আংলং জিলাৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ত এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়। সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ৰ অংশ হিচাপে আয়োজন কৰা এই বাটৰ নাটত বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু সতীৰ্থ শিল্পীসকলে অভিনয় কৰে। বাটৰ নাটৰ মাধ্যমেৰে জনসাধাৰণক পলিথিনৰ বেগ ব্যৱহাৰৰ পৰা বিৰত থাকি কিদৰে পৰিৱেশ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
Assamese | February 7, 2025 6:37 PM | awareness | Diphu | earthquake | Karbi Anglong
কাৰ্বি আংলঙৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ত বাটৰ নাট অনুষ্ঠিত