October 20, 2026 6:22 PM

views 14

কাৰ্বি জনগোষ্ঠীৰ ৩৪ সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱৰ আজি সামৰণি

বিশ্বনাথ জিলাৰ বিহালীত দেওবাৰৰ পৰা অনুষ্ঠিত কাৰ্বি জনগোষ্ঠীৰ ৩৪ সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। ১৯৭৪ চনৰ পৰাই কাৰ্বি সাংস্কৃতিক সমাজে এই উৎসৱৰ আয়োজন কৰি আহিছে। এই উপলক্ষে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি, ভাষা, সাজ-পাৰ, খাদ্য, পৰম্পৰাগত খেল-ধেমালি, সংৰক্ষণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে ভালেমান কাৰ্যসূচী লোৱা হৈছে। তদুপৰি থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী, পৰম্পৰাগত নৃত্য আৰু থলুৱা খেল ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

September 30, 2026 11:11 AM

views 12

অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ কার্বিআংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু আঁচনি পৰ্য্যালোচনা

অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ এটা ৬জনীয়া দলে কালি সন্ধিয়া কার্বিআংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু আঁচনি পৰ্য্যালোচনা কৰে। দলটোৱে কাৰ্বিআংলং স্বায়ত্ত্ব পৰিষদকে ধৰি বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়িত আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লয়। জিলাখনৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত দলটোৱে সন্ধিয়া ডিফুত বিভিন্ন বিভাগৰ মুৰববীৰ সৈতে জিলাখনত চলি থকা কাম-কাজ, প্রকল্প, ৰাজহ সংগ্রহ ইত্যাদি পৰ্য্যালোচনা কৰে। অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনৰ অ...

September 11, 2026 8:19 PM

views 12

পশ্চিম কাৰ্বি আংলং জিলাত লোকপিয়ল সন্দৰ্ভত পৰ্য্যালোচনা সভা অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলং জিলাৰ হামেৰণস্থিত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত আজি ৰাজ্যখনৰ লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগু উপস্থিত হয়। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্য্যালোচনা সভাত অংশ গ্রহণ কৰি তেওঁ লোকপিয়লৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে সাংবাদিক সকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়ল সন্দৰ্ভতো মত প্ৰকাশ কৰে।

September 8, 2026 12:50 PM

views 18

পশ্চিম কাৰ্বি আংলং জিলাত ৬০ দিনীয়া জিলা পৰ্যায়ৰ এইডছ সজাগতা সভাৰ শুভাৰম্ভণি

পশ্চিম কাৰ্বি আংলং জিলাত আজি ৬০ দিনীয়া জিলা পৰ্যায়ৰ এইডছ সজাগতা সভাৰ শুভাৰম্ভণি কৰা হয়। হামৰেন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰংগণৰ অনুষ্ঠানত জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইডছ সজাগতাৰ এই ৬০ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজনন্মক এইডছৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ড্ৰাগছৰ কৱলত পৰাৰ আশংকা বেছি হোৱালৈ চাই তেওঁলোকৰ মাজত আৰম্ভ কৰা এই সজাগতা কার্যসূচীয়ে এইডছ আই ভিৰ সংক্ৰমণ বা এইডছৰ ভয়াবহতা হ্ৰাস কৰিব পাৰিব বুলি জিলা আয়ুক্...

September 2, 2026 6:17 PM

views 17

ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘আমাৰ মাটি আমাৰ নায়ক’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বৈঠক

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াৰ সভাপতিত্বত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আমাৰ মাটি আমাৰ নায়ক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ এই কাৰ্যসূচীৰ সঠিক ৰূপায়ণ, পৰ্যবেক্ষণ, আৰু পৰিকল্পনা সুনিশ্চিত কৰাৰ বাবে জিলা পৰ্যায়ৰ সমিতিৰ সদস্যসকলক সহযোগিতাৰে কাম কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। তেওঁ অহা ১৫ অক্টোবৰৰ ভিতৰত জিলাখনৰ আমাৰ মাটি আমাৰ নায়ক কাৰ্যসূচীৰ বাবে বাচনি কৰিবলগীয়া লোকসকলৰ বিষয়ে সবিশেষ দাখিল কৰিবলৈ আহ্বান জনায়। বৈঠকত পদ্ম...

August 5, 2026 7:19 PM

views 32

পশ্চিম কাৰ্বি আংলঙৰ চিণ্ঠং পৰিষদীয় সমষ্টিৰ হাবাই ইংতি গাঁৱত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন উদ্বোধন

পশ্চিম কাৰ্বি আংলঙৰ চিণ্ঠং পৰিষদীয় সমষ্টিৰ হাবাই ইংতি গাঁৱত প্ৰায় ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন আজি উদ্বোধন কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়কে তুলিৰাম ৰংহাঙে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে। ১৫০ গৰাকী বালিকা শিক্ষাৰ্থীৰ আসন সংৰক্ষিত এই বিদ্যালয়খন দুর্গম অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ইতিবাচক খবৰ বুলি শ্ৰীৰংহাঙে মন্তব্য প্রকাশ কৰে। উদ্বোধনী অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ তথা আমৰি বিধা...

June 23, 2026 12:41 PM

views 41

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অধীনত ১৯৫২ চনৰ ২৩ জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে নিহিত হৈ আছে। ১৯৯৫ চনত কাৰ্বি আংলং স্বায়ত্তশাস...

June 12, 2026 7:22 PM

views 28

পশ্চিম কাৰ্বি আংলং জিলাত ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সহযোগত হামৰেনৰ ডনবস্ক’ত অনুশীলন কাৰ্যসূচী ৰূপায়ণ

পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা অগ্নি নির্বাপন আৰু জৰুৰীকালীন সেৱা তথা ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সহযোগত আজি হামৰেনৰ ডনবস্ক’ত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুৰ্যোগৰ বাবে প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন সহাৰিৰ পদ্ধতি আৰু প্ৰস্তুতিৰ কৌশলৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এই অনুশীলনত গুৰুত্ব আৰোপ কৰা হয়।

June 8, 2026 7:06 PM

views 35

তুলিৰাম ৰংহাঙে কার্বি আংলঙত নিৰ্মাণ হ’বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তুলিৰাম ৰংহাঙে আজি পাহাৰীয়া জিলাখনত নিৰ্মাণ হ'বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ প্ৰস্তাৱিত জলবিদ্যুৎ প্রকল্প কার্যকৰী হ'লে জিলাখনৰ আৰ্থসামাজিক উন্নয়ন হ'ব বুলি আশা প্রকাশ কৰে। এই পর্যালোচনা সভাত মুখ্যমন্ত্ৰী অতিৰিক্ত মুখ্য সচিব কে কে দ্বিৱেদী, সাংসদ, বিধায়ক, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব আৰু জিলা আয়ুক্ত উপস্থিত থাকে।

January 21, 2026 12:36 PM

views 68

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নির্দেশ কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নির্দেশ দিছে। পৰিষদৰ ভূমি ৰাজহ বিভাগৰ সচিবৰ তৰফৰ পৰা জাৰি কৰা এটা নির্দেশত পৰৱৰ্তী ১৫ দিনৰ ভিতৰত পিজি আৰ ভূমি খালি কৰিবলৈ কোৱা হৈছে। খেৰণিৰ পি জি আৰ ভূমিত থকা ২৬৫ টা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰবৰীক সেইঠাইৰ পৰা অন্য স্থানলৈ নির্দেশ দিয়া হৈছে।