September 30, 2026 11:11 AM
5
অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ কার্বিআংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু আঁচনি পৰ্য্যালোচনা
অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ এটা ৬জনীয়া দলে কালি সন্ধিয়া কার্বিআংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু আঁচনি পৰ্য্যালোচনা কৰে। দলটোৱে কাৰ্বিআংলং স্বায়ত্ত্ব পৰিষদকে ধৰি বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়িত আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লয়। জিলাখনৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত দলটোৱে সন্ধিয়া ডিফুত বিভিন্ন বিভাগৰ মুৰববীৰ সৈতে জিলাখনত চলি থকা কাম-কাজ, প্রকল্প, ৰাজহ সংগ্রহ ইত্যাদি পৰ্য্যালোচনা কৰে। অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনৰ অ...