তুলিৰাম ৰংহাঙে কার্বি আংলঙত নিৰ্মাণ হ’বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তুলিৰাম ৰংহাঙে আজি পাহাৰীয়া জিলাখনত নিৰ্মাণ হ’বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়।

তেওঁ প্ৰস্তাৱিত জলবিদ্যুৎ প্রকল্প কার্যকৰী হ’লে জিলাখনৰ আৰ্থসামাজিক উন্নয়ন হ’ব বুলি আশা প্রকাশ কৰে। এই পর্যালোচনা সভাত মুখ্যমন্ত্ৰী অতিৰিক্ত মুখ্য সচিব কে কে দ্বিৱেদী, সাংসদ, বিধায়ক, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব আৰু জিলা আয়ুক্ত উপস্থিত থাকে।