উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আজি ওড়িশা ভ্রমণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ওড়িশা ভ্রমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ ভুবনেশ্বৰত ওড়িশা বিধানসভাৰ সদস্যসকলৰ সৈতে এটা অবিয়েনটেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে কটকত শ্রীশ্রী বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন আইকনিক টাৱাৰ উদ্বোধন কৰিব। এই ভ্ৰমণৰ সময়ত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ বিধানসভাৰ প্ৰশিক্ষণ আৰু উচ্চ শিক্ষাৰ সৈতে জড়িত দুটা গুৰুত্বপূর্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।