November 16, 2026 10:10 AM | Wales Prince India Visit

printer

ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰত ভ্ৰমণ

ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰী আজি তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। তেওঁলোকে মুম্বাইত ষষ্ঠ তথা সর্ববৃহৎ আর্থশ্বুট প্রাইজ এৱাৰ্ডছ সমাৰোহত অংশগ্ৰহণ কৰিব। নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ পাছত তেওঁলোকৰ ৰাজকীয় ভ্রমণসূচীৰ সামৰণি পৰিব। ব্রিটিছ উচ্চায়ুক্তই প্রকাশ কৰা মতে এই ৰাজকীয় দম্পতীয়ে ক্রিকেট, ফেশ্বন আৰু চিনেমাৰ জৰিয়তে ব্রিট্রেইন আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ লগতে উদ্ভাৱন, বহনক্ষমতা যুৱ নেতৃত্ব আদিত আলোকপাত কৰি এলানি কাৰ্যসূচীত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে অন্যান্য দেশতকৈ ভাৰতে অধিক আর্থম্বুট বঁটা লাভ কৰিছে। ২০২০ চনত প্রিন্স উইলিয়ামে প্ৰৱৰ্তন কৰা এই বঁটাৰ মূল উদ্দেশ্য হৈছে পৰিবেশজনিত প্রত্যাহ্বান বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন সমাধান উদ্ভাৱন কৰা। এই বঁটাৰ পাঁচজন বিজয়ীৰ প্ৰত্যেককে তেওঁলোকৰ প্রকল্পসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ১ নিযুত পাউণ্ডকৈ প্রদান কৰা হয়। দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণকালত এই ৰাজকীয় দম্পতীয়ে মুম্বাইৰ জনসাধাৰণৰ সৈতে উদ্ভাৱন, আশাবাদ আৰু সৃষ্টিশীলতাৰ বিষয়ে শিকাৰ প্ৰয়াস কৰিব।