August 5, 2026 7:19 PM

views 12

পশ্চিম কাৰ্বি আংলঙৰ চিণ্ঠং পৰিষদীয় সমষ্টিৰ হাবাই ইংতি গাঁৱত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন উদ্বোধন

পশ্চিম কাৰ্বি আংলঙৰ চিণ্ঠং পৰিষদীয় সমষ্টিৰ হাবাই ইংতি গাঁৱত প্ৰায় ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন আজি উদ্বোধন কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়কে তুলিৰাম ৰংহাঙে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে। ১৫০ গৰাকী বালিকা শিক্ষাৰ্থীৰ আসন সংৰক্ষিত এই বিদ্যালয়খন দুর্গম অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ইতিবাচক খবৰ বুলি শ্ৰীৰংহাঙে মন্তব্য প্রকাশ কৰে। উদ্বোধনী অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ তথা আমৰি বিধা...

June 23, 2026 12:41 PM

views 27

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অধীনত ১৯৫২ চনৰ ২৩ জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে নিহিত হৈ আছে। ১৯৯৫ চনত কাৰ্বি আংলং স্বায়ত্তশাস...

June 8, 2026 7:06 PM

views 21

তুলিৰাম ৰংহাঙে কার্বি আংলঙত নিৰ্মাণ হ’বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তুলিৰাম ৰংহাঙে আজি পাহাৰীয়া জিলাখনত নিৰ্মাণ হ'বলগীয়া জলবিদুৎ আঁচনিৰ পাম্প ষ্টোৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ প্ৰস্তাৱিত জলবিদ্যুৎ প্রকল্প কার্যকৰী হ'লে জিলাখনৰ আৰ্থসামাজিক উন্নয়ন হ'ব বুলি আশা প্রকাশ কৰে। এই পর্যালোচনা সভাত মুখ্যমন্ত্ৰী অতিৰিক্ত মুখ্য সচিব কে কে দ্বিৱেদী, সাংসদ, বিধায়ক, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব আৰু জিলা আয়ুক্ত উপস্থিত থাকে।

July 18, 2025 1:21 PM

views 70

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...