কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অধীনত ১৯৫২ চনৰ ২৩ জুনত গঠন কৰা হৈছিল।

এই উপলক্ষে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে নিহিত হৈ আছে।

১৯৯৫ চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড০ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্রয়োদশ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম টেৰাংপি আৰু হেডছিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে।

লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰছিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে।

উল্লেখযোগ্য যে কাদম টেৰাংপি আৰু হেডছিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কার্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্য সংখ্যা ১৪ৰ পৰা ১৬লৈ বৃদ্ধি পালে।