November 16, 2026 10:31 AM | CM Direction on Accident

printer

ৰাজ্যত সংঘটিত পথ দুর্ঘটনা প্রতিৰোধ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নির্দেশনা জাৰি

ৰাজ্যত সঘনে সংঘটিত পথ দুর্ঘটনা প্রতিৰোধ কৰি পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও নির্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রীয়ে এই নির্দেশনা জাৰি কৰে। বৈঠকত জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়া আৰু আবকাৰী অধীক্ষকসকল উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে সুৰাপান কৰি গাড়ী চলোৱা আৰু নিৰ্ধাৰিত গতি সীমা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ নিৰ্দেশ দিছে। তদুপৰি বাহনসমূহত গতি সীমা নির্ণয়কাৰী সঁজুলি সংস্থাপন কৰাটো বাধ্যতামূলক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়া হৈছে। বনভোজস্থলীলৈ পুৱতি নিশা যাত্ৰা কৰাটো পৰিহাৰ কৰিবলৈ কোৱাৰ লগতে পথ সুৰক্ষাৰ বাবে বিশেষ প’র্টেল মুকলি কৰাৰো ব্যৱস্থা কৰা হৈছে। প্ৰতিখন জিলাতে কর্ম বাহিনী গঠন কৰি ব্যস্ত সময়ছোৱাত পথত নিৰীক্ষণ আৰু তালাচী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে নির্দেশ দিয়া হৈছে। তদুপৰি প্ৰতি ১৫ দিনৰ মূৰে মূৰে পথ দুৰ্ঘটনাৰ পৰ্যালোচনা আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি প্ৰতিৰোধমূলক ব্যবস্থা গ্রহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহী আৰু যান বাহন আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা গ্রহণ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। ইয়াৰ লগতে সকলো বিভাগক সমন্বিতভাৱে কাম কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধতা আৰু তদাৰকী ব্যবস্থা অধিক শক্তিশালী কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে কাজিৰঙাৰ ৰঙাজুলিত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত আহত ১৪ গৰাকী লোক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৪ জনৰ অৱস্থা এতিয়াও সংকটজনক। চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ সৌৰভ বৰকটকীয়ে জনোৱা অনুসৰি বৰ্তমান আহত ৮ জন লোক আই চি ইউত আছে। স্বাস্থ্যৰ কিছু উন্নত হোৱাৰ বাবে দুজন লোকক কালি ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। ইপিনে, ৰঙাজানৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্তকাৰী আৰক্ষীয়ে নিহতসকলৰ শৰীৰৰ অংশবিশেষ অর্থাৎ ভিছেৰা পৰীক্ষাৰ ব্যৱস্থা কৰিছে। চালক আৰু হেণ্ডিমেনৰ ভিছেৰাৰ নমুনা ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুর্ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ সবিশেষ তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছিল।