ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘আমাৰ মাটি আমাৰ নায়ক’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বৈঠক

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াৰ সভাপতিত্বত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আমাৰ মাটি আমাৰ নায়ক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত জিলাখনৰ এই কাৰ্যসূচীৰ সঠিক ৰূপায়ণ, পৰ্যবেক্ষণ, আৰু পৰিকল্পনা সুনিশ্চিত কৰাৰ বাবে জিলা পৰ্যায়ৰ সমিতিৰ সদস্যসকলক সহযোগিতাৰে কাম কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।

তেওঁ অহা ১৫ অক্টোবৰৰ ভিতৰত জিলাখনৰ আমাৰ মাটি আমাৰ নায়ক কাৰ্যসূচীৰ বাবে বাচনি কৰিবলগীয়া লোকসকলৰ বিষয়ে সবিশেষ দাখিল কৰিবলৈ আহ্বান জনায়। বৈঠকত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ধনেশ্বৰ ইংতি, বিশিষ্ট সাংবাদিক সঞ্জু বৰাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।