পশ্চিম কাৰ্বি আংলং জিলাত আজি ৬০ দিনীয়া জিলা পৰ্যায়ৰ এইডছ সজাগতা সভাৰ শুভাৰম্ভণি কৰা হয়। হামৰেন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰংগণৰ অনুষ্ঠানত জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইডছ সজাগতাৰ এই ৬০ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজনন্মক এইডছৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ড্ৰাগছৰ কৱলত পৰাৰ আশংকা বেছি হোৱালৈ চাই তেওঁলোকৰ মাজত আৰম্ভ কৰা এই সজাগতা কার্যসূচীয়ে এইডছ আই ভিৰ সংক্ৰমণ বা এইডছৰ ভয়াবহতা হ্ৰাস কৰিব পাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে আশা প্রকাশ কৰে ।
Assamese | September 8, 2026 12:50 PM | Karbi Anglong
পশ্চিম কাৰ্বি আংলং জিলাত ৬০ দিনীয়া জিলা পৰ্যায়ৰ এইডছ সজাগতা সভাৰ শুভাৰম্ভণি