June 14, 2024 12:39 PM

views 66

কাৰ্বি আংলং জিলাত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে সপ্তাহজোৰা অভিযান কাৰ্যসূচীৰ আৰম্ভ

কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আয়ুক্ত তথা জিলা টাস্ক ফ’ৰ্চ বিষয়া চন্দন বৰগোহাঁইৰ নেতৃত্বত সমগ্ৰ জিলাখনত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে সপ্তাহজোৰা অভিযানৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ বোকাজান আৰু শুকানজান বজাৰ, হাওৰাঘাট বজাৰ, খটখটী বজাৰ, চিলনীজান আৰু ডকমকা বজাৰ এলেকাত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে অহা ২০ জুনলৈ অভিযান চলোৱা হ'ব।

May 16, 2024 8:31 PM

views 83

কাৰ্বি আংলঙত বাৰ্মিজ চিগাৰেটসহ মহাৰাষ্ট্ৰৰ দুজন সৰবৰাহকাৰীক আটক

কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে আজি এখন ট্ৰাকৰ পৰা বাৰ্মিজ চিগাৰেটৰ ২৭টা কাৰ্টন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোক দুজন মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা লোক দুজনে মণিপুৰৰ পৰা কলকাতালৈ চিগাৰেটসমূহ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে, ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী আৰু চাপৰ থানাৰ আৰক্ষীৰ এটা দলে বহলপুৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীকো আটক কৰা হৈছে। বঙাইগাঁও জিলাৰ গোলাপাৰা প্ৰথম খণ্ড নিবাস...

May 4, 2024 12:39 PM

views 65

প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ দেহাৱসান

গুৱাহাটীৰ এখন চিকিৎসালয়ত কালি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ মৃতদেহ কাৰ্বি আংলঙত থকা তেওঁৰ বাসগৃহলৈ নিয়া হৈছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ৰংহাঙৰ আকস্মিক মৃত্যুত বৰ্তমানৰ পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম বংহাঙে শোক প্রকাশ কৰে। তুলিৰাম ৰংহাঙে কয় যে, শিল্পী মনৰ ৰংহাঙৰ মৃত্যু জিলাখনৰ বাবে অপূৰণীয় ক্ষতি। ছুম’ ৰহাঙৰ শেষকৃত্য কাৰ্বি পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন কৰা হ’ব জানিব পৰা গৈছে।