কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আয়ুক্ত তথা জিলা টাস্ক ফ’ৰ্চ বিষয়া চন্দন বৰগোহাঁইৰ নেতৃত্বত সমগ্ৰ জিলাখনত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে সপ্তাহজোৰা অভিযানৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ বোকাজান আৰু শুকানজান বজাৰ, হাওৰাঘাট বজাৰ, খটখটী বজাৰ, চিলনীজান আৰু ডকমকা বজাৰ এলেকাত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে অহা ২০ জুনলৈ অভিযান চলোৱা হ’ব।
Assamese | June 14, 2024 12:39 PM | Karbi Anglong
কাৰ্বি আংলং জিলাত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে সপ্তাহজোৰা অভিযান কাৰ্যসূচীৰ আৰম্ভ