গুৱাহাটীৰ এখন চিকিৎসালয়ত কালি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ মৃতদেহ কাৰ্বি আংলঙত থকা তেওঁৰ বাসগৃহলৈ নিয়া হৈছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ৰংহাঙৰ আকস্মিক মৃত্যুত বৰ্তমানৰ পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম বংহাঙে শোক প্রকাশ কৰে। তুলিৰাম ৰংহাঙে কয় যে, শিল্পী মনৰ ৰংহাঙৰ মৃত্যু জিলাখনৰ বাবে অপূৰণীয় ক্ষতি। ছুম’ ৰহাঙৰ শেষকৃত্য কাৰ্বি পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন কৰা হ’ব জানিব পৰা গৈছে।
Assamese | May 4, 2024 12:39 PM | AIR GUWAHATI | Assam | Guwahati | Karbi Anglong
প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ দেহাৱসান