March 7, 2025 8:51 PM

views 57

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত আজি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰোৱে ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান কৰে। পৰিষদৰ এক নম্বৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিত ইতিমধ্যে ৪ হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে। পৰৱৰ্তীয় পৰ্যায়তো ৪ হাজাৰৰো অধিক লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব বুলি কৰ্যবাহী সদস্যগৰাকীয়ে প্ৰকাশ কৰে।

March 6, 2025 10:47 AM

views 73

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছেঃ কৌশিক ৰায়

● অসম চৰকাৰে ২০২২ বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা ২৫ হাজাৰ ৬৩১ টন কয়লা জব্দ কৰিছে। বিধানসভাত কালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজাত দ্রব্য বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্রকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ২০১৪ চনত এনে ধৰণৰ কয়লা খনিত খনন নিষিদ্ধ ঘোষণা কৰিছিল। ৰাজ্য ...

February 21, 2025 6:56 PM

views 48

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে অভিজিত ক্ৰ’য়ৰ মনোনয়ন পত্ৰ দাখিল

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে চিনঠং সমষ্টিৰ এম এ চি অভিজিত ক্ৰ'য়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। বিধায়িনী দপ্তৰৰ যুটীয়া সচিবৰ হাতত মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাম, সাংসদ অমৰ সিং টিছো, কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু এম এ চি উপস্থিত থাকে। অহা ২৪ ফেব্ৰুৱাৰীত পৰিষদৰ চেছন হলত উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ অক্টোবৰ মাহত উপাধ্যক্ষ অজিত কুমাৰ দেৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদটো খালী হৈ আছিল।

February 17, 2025 6:18 PM

views 56

তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন লো...

February 7, 2025 6:37 PM

views 76

কাৰ্বি আংলঙৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ত বাটৰ নাট অনুষ্ঠিত

কাৰ্বি আংলং জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত আজি কাৰ্বি আংলং জিলাৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ত এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়। সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ৰ অংশ হিচাপে আয়োজন কৰা এই বাটৰ নাটত বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু সতীৰ্থ শিল্পীসকলে অভিনয় কৰে। বাটৰ নাটৰ মাধ্যমেৰে জনসাধাৰণক পলিথিনৰ বেগ ব্যৱহাৰৰ পৰা বিৰত থাকি কিদৰে পৰিৱেশ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

November 29, 2024 8:29 PM

views 64

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জিলাখনৰ ৩৬ খন চিকিৎসালয়ক অন্তর্ভুক্ত কৰি এই সেৱা উৎসৱ অনুষ্ঠিত হ'ব। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে ভাৰতীয় অসামৰিক সেৱা বিষয়াকে ধৰি ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকিব। ৩ দিনীয...

November 4, 2024 6:40 PM

views 51

ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনাৰে ডিফু আৱৰ্ত ভৱনত বৈঠক

সমাগত ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি ডিফু আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্তৰ লগতে ডিফু, মাঞ্জা, বকলীয়াঘাট আৰু হাওৰাঘাটৰ ষট পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে পূজা উদযাপন কৰিবলগীয়া স্থানসমূহ মেৰামতি কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তদুপৰি পূজাথলীসমূহত চি চি টি ভি সংস্থাপনৰ লগতে অন্যান্য সতর্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

November 2, 2024 12:58 PM

views 56

১৬ৰ পৰা ১৮ নৱেম্বৰলৈকে ষষ্ঠ অনুসূচী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিনিময় কার্যসূচী

ডিফুৰ সমীপৰ তাৰালাংছ'ত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চল ষষ্ঠ অনুসূচী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিনিময় কার্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে ১৬ৰ পৰা ১৮ নৱেম্বৰলৈকে হ'বলগীয়া এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আদৰণি সমিতিৰ ২৪টা কোষ গঠন কৰি বিভিন্ন দায়িত্ব অর্পণ কৰা হৈছে। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ১৯৯১ চনৰ ১৭ নৱেম্বৰত কাৰ্বি আংলং জিলা গঠন কৰা হৈছিল।

July 18, 2024 8:39 PM

views 70

ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়। নগাঁও আদালতত বিচাৰাধীন গোচৰটোৰ এই মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুলাইত পৰৱৰ্তী শুনানী গ্রহণ কৰা হ'ব। আজি নগাঁও সত্র ন্যায়াধীশ আদালতত আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটোৰ শুনানী পৰৱৰ্তী ৩০ জুলাইলৈ পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে এই ঘটনাৰ ৪৭ জন অভিযুক্তৰ ভিতৰত এজন অপ্রাপ্তবয়স্ক হিচাপে প্ৰকাশ কৰা হৈছিল যদিও আদালতত আজিপর্যন্ত অপ্রাপ্তবয়স্কৰ প্ৰমাণপত্ৰ জমা দিয়া হোৱা নাই।

July 18, 2024 5:45 PM

views 66

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকৰ মাজত চেক বিতৰণ

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আজি ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ মাজত চেক বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩০ জন লোকক প্ৰথম পৰ্যায়ৰ চেকসমূহ বিতৰণ কৰে। পৰৱৰ্তী সময়ত সমষ্টিটোৰ প্ৰায় এহেজাৰ লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আর্থিক সাহায্য বিতৰণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানি...