কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ’ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জিলাখনৰ ৩৬ খন চিকিৎসালয়ক অন্তর্ভুক্ত কৰি এই সেৱা উৎসৱ অনুষ্ঠিত হ’ব। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে ভাৰতীয় অসামৰিক সেৱা বিষয়াকে ধৰি ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকিব। ৩ দিনীয়া এই স্বাস্থ্য সেৱা উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ জিলা কাৰ্যসূচী বিষয়া অমৰজিৎ টিছোৱে সকলোকে আহ্বান জনাইছে।
Assamese | November 29, 2024 8:29 PM | Akashvani Guwahati | Akashvani News | Karbi Anglong
কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ