চিৰাং জিলা প্ৰশাসনে ভূটানৰ গেলেফুত প্ৰস্তাৱিত মাইণ্ডফুলনেছ চিটিলৈ বিদেশী পৰ্য্যটকৰ আগমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সামথাইবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাদঘিৰী-হাতিছাৰস্থিত গেলেফু আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ গধুৰ আৰু মালবাহী যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত এই নিষেধাজ্ঞা বলবৎ থাকিব। চিৰাং জিলা দণ্ডাধীশৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা জাৰি কৰা নিদের্শনা অনুসৰি যান-বাহনৰ চলাচল সূচাৰুৰূপে পৰিচালনা কৰা, পৰ্য্যটকৰ নিৰাপদ আৰু বাধাহীন যাতায়ত নিশ্চিত কৰা তথা ভাৰত-ভূটানক সংযোগ কৰা গুৰুত্বপূৰ্ণ পথবোৰৰ যানজট ৰোধ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উল্লেখযোগ্য যে, ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিত ১০৮ টা স্তুপ স্থাপনৰ শুভ উপলক্ষত ৬ নৱেম্বৰলৈ বিদেশী ৰাষ্ট্ৰৰ পৰা ভালেসংখ্যক পৰ্য্যটকৰ আগমণ ঘটাৰ সম্ভাৱনা আছে।
Assamese | October 26, 2026 11:40 AM | Chirang
গেলেফু আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ গধুৰ আৰু মালবাহী যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ