October 26, 2026 11:24 AM | Lakhiminath bezbaruh

printer

লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উপলক্ষে শিৱসাগৰত বিশেষ অনুষ্ঠান অনুষ্ঠিত

অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উপলক্ষে কালি শিৱসাগৰত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত জিলাখনৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত আয়োজিত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে চলিত বৰ্ষৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাই ২০২১ চনৰ পৰা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক সন্মান জনাই এই বঁটা প্ৰদান কৰি আহিছে।