ভাৰতীয় গণনাট্য সংঘ, আই পি টি এৰ অসম ৰাজ্যিক সমিতিয়ে বছৰজোৰাকৈ আয়োজন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান অহা ৩ নৱেম্বৰত উদযাপন কৰিবলৈ লোৱা হৈছে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত আই পি টি এৰ প্ৰাক্তন কাণ্ডাৰীগৰাকীৰ জীৱন আৰু কৰ্মৰ স্মৃতিচাৰণৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটিত গীত-মাতৰ অনুষ্ঠানৰ লগতে স্মাৰক বক্তৃতানুষ্ঠানো সম্পন্ন হ’ব। ৰাজ্যৰ এগৰাকী বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰে এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব বুলি ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সমিতিয়ে জানিবলৈ দিছে।
আনহাতে অহা ১৮ ডিচেম্বৰৰ পৰা ৰাজস্থানৰ আল্লোৱাৰত আয়োজিত নৃত্য-গীতৰ ৰাষ্ট্ৰীয় উৎসৱতো আই পি টি এৰ অসম ৰাজ্যিক সমিতিৰ এটা প্রতিনিধি দলে অংশগ্রহণ কৰাৰ সম্ভাৱনাৰ বিষয়ে সমিতিয়ে প্রকাশ কৰিছে ।