অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ১১ হাজাৰ ২০০ মেগাৱাট শক্তি সম্পন্ন আপাৰ চিয়াং বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে কৰা প্ৰতিবাদৰ সময়ত পাচিঘাটত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পাছত কেন্দ্ৰই ৰাজ্যখনলৈ চি আৰ পি এফ-ৰ দুটা ৰেপিড এক্সন ফ’ৰ্চ কোম্পানী প্ৰেৰণ কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া নিৰ্দেশ অনুসৰি নৱী মুম্বাইৰ পৰা ভাৰতীয় বায়ুসেনাৰ পৰিবহণ বিমানেৰে লৈ অনা ৰেপিড এক্সন ফ’ৰ্চৰ ২৫০ জন জোৱান কালি ৰাজ্যখনত মোতায়েন কৰা হয়। ৰেপিড এক্সন ফ’ৰ্চ হৈছে বিশেষ নীলা ইউনিফর্ম পৰিধান কৰা চি আৰ পি এফ-ৰ সংঘাত প্ৰতিৰোধী গোট। অৰুণাচল প্ৰদেশত স্থায়ীভাৱে চি আৰ পি এফৰ প্ৰায় ২-৩টা বেটেলিয়ন আছে আৰু ৰাজ্যখনত সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহত কেইবাটাও চি আৰ পি এফৰ গোট মোতায়েন কৰা হৈছে। চৰকাৰী সূত্ৰ অনুসৰি চি আৰ পি এফৰ জোৱানসকলে যোৱা শুকুৰবাৰৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু হিংসাত্মক ঘটনা যাতে বৃদ্ধি নহয় সেয়াও নিশ্চিত কৰিছে।
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্ডুৱে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ গণতন্ত্ৰৰ অবিচ্ছেদ্য অংশ বুলি উল্লেখ কৰি কয় যে এনে প্ৰতিবাদ আইনৰ পৰিসীমাৰ ভিতৰত থকাটো প্ৰয়োজন আৰু এনে প্ৰতিবাদৰ ফলত সম্পত্তিৰ ক্ষয়-ক্ষতি অথবা আইন শৃংখলা পৰিস্থিতি ব্যাহত হোৱাটো উচিত নহয়।