October 26, 2026 11:05 AM | Sribhumi

printer

শ্রীভূমি জিলাত বিহু দলক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া

শ্রীভূমি জিলাত বিহু দলক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া প্রকাশ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে শ্রীভূমি থানাত এই সন্দৰ্ভত ৰুজু কৰা গোচৰৰ ভিত্তিত কেইবাজনকো আটক কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে সামাজিক মাধ্যমযোগে কয় যে ঘটনাৰ অধিক তদন্ত অব্যাহত আছে আৰু এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে।

ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহু দলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে এই ঘটনা গৰিহণাযোগ্য আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাৰ প্ৰতি অপমানজনক।

এই আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্র সন্থা, চুতীয়া সন্মিলনীকে ধৰি বিভিন্ন সংস্থা আৰু সংগঠনে দোষীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

অসম সাহিত্য সভায়ো আক্ৰমণৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। এনে কাৰ্য কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে উল্লেখ কৰে। সাহিত্য সভাই এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শ্রীভূমি জিলাৰ হিন্দুস্তান ক্লাবৰ দুৰ্গা পূজা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বিহু পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা দলটোক এদল দুর্বৃত্তই ভাবুকি দিয়াৰ লগতে আক্ৰমণ কৰে। এই ঘটনাত বিহু দলটোৰ কেইবাজনো শিল্পী আহত হয়।