June 29, 2026 8:23 PM

views 22

শ্রীভূমিত আজি জিলাখনৰ সামগ্রিক উন্নয়ন আৰু জনকল্যাণমূলক প্রকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

শ্রীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্রিক উন্নয়ন আৰু জনকল্যাণমূলক প্রকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা  আৰু জনসেৱাক অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ...

June 12, 2026 7:30 PM

views 16

শ্রীভূমি জিলাতো বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন

শ্রীভূমি জিলাতো বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্রম বিভাগৰ ফালৰ পৰা শ্রীভূমি চহৰত শিশু শ্রম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্রম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা উডিচিৰ সহযোগিতাত শ্রীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্রমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিছাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰ...

June 4, 2026 10:43 AM

views 45

শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৫৬ কোটি টকা আৱণ্টন

■ শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৬ কোটি টকা আৱণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাদকাৰীৰ পৰা সাক্ষাত সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিছে বুলি পাথাৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। কালি এই আবণ্টিত ধনৰাশি ব্যৱহাৰ আৰু পথ উন্নয়ন প্রকল্প ৰূপায়ণ সন্দৰ্ভত শ্রীভূমি...

January 24, 2026 8:21 PM

views 116

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে প্ৰেৰণ কৰা ভোটাৰৰ অংগীকাৰ পাঠ কৰাবলৈ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক আয়োগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

January 22, 2026 12:33 PM

views 56

শ্রীভূমি জিলাৰ আয়ুক্তৰ ঘোষণা: ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে

শ্রীভূমি জিলাৰ আয়ুক্তই ১৯৫০ চনৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ ভোটদাতা পঞ্জীয়ন নিয়মাৱলী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে বুলি স্পষ্ট কৰি দিছে। সত্যাসত্য নিৰূপণ আৰু সংশ্লিষ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কোনো ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হোৱা নাই বা সালসলনিও কৰা হোৱা নাই । জিলা আয়ুক্তই লগতে দাবী আৰু ওজৰ-আপত্তিৰ সত্যাসত্য নিৰূপণ আৰু সেই সন্দৰ্ভত প্রতিবেদন দাখিল কৰাটো বুথ পৰ্যায়ৰ বিষয়াসকলৰ মূল দায়িত্ব আৰু বু...

January 6, 2026 7:10 AM

views 56

সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা

● সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা অনুষ্ঠিত হয়। শ্রীভূমি জিলাৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিৱেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰে বিগত বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ তালিকা পাঠ কৰে। সভাত গৃহীত নিয়মীয়া সিদ্ধান্তসমূহৰ উপৰি জিলা আয়ুক্তই এই বছৰ গণৰাজ্য দিৱস যথাযোগ্য মর্যাদাৰে উদযাপন কৰিবলৈ আৰু ইয়া...

August 25, 2025 10:37 AM

views 55

মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ শ্ৰীভূমি আৰক্ষীৰ

■ শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য তিনি কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰে।

July 23, 2025 9:03 PM

views 65

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত সজাগতা সমদল

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত আজি সজাগতা সমদল উলিওৱা হয়। শ্রীভূমিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সমদলত বহুলোকে অংশগ্ৰহণ কৰে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন প্ৰচাৰ বাহনো আজি মুকলি কৰা হয়। শ্রীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে প্ৰচাৰ বাহনখন মুকলি কৰে।

April 22, 2025 12:49 PM

views 72

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্ল...

March 30, 2025 2:25 PM

views 81

শ্রীভূমিত ৪জন বাংলাদেশী নাগৰিকক আটক

■ শ্রীভূমি আৰক্ষীয়ে কালি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ ওভতাই পঠিয়াই। এই লোক কেইজনক মহম্মদ শ্বাৱন, মহম্মদ এছ এম পলাছ, আদ্দাছ মল্লিক আৰু ৰুকছানা বেগম বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে। যোৱা বছৰ চুবুৰীয়া ৰাষ্ট্ৰখনত অশান্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছৰে পৰা অসমত কমেও ৩২০ জন অনুপ্রৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।