শ্রীভূমি জিলাতো বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন

শ্রীভূমি জিলাতো বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্রম বিভাগৰ ফালৰ পৰা শ্রীভূমি চহৰত শিশু শ্রম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়।

শ্রম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা উডিচিৰ সহযোগিতাত শ্রীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

স্বেছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্রমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিছাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু গৃহস্থালীৰ কামলৈকে সকলো ঠাইতে শিশু শ্রমিক দেখা পোৱা যায়।

দাৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্রমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে।

কোনো শিশু বিপজ্জনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে, ৰাষ্ট্রীয় সহায়ক নম্বৰ ১০৯৮ অথবা অনলাইন পেন্সিল পোৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হৈছে।