■ শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৬ কোটি টকা আৱণ্টন দিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাদকাৰীৰ পৰা সাক্ষাত সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল।
ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিছে বুলি পাথাৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে।
কালি এই আবণ্টিত ধনৰাশি ব্যৱহাৰ আৰু পথ উন্নয়ন প্রকল্প ৰূপায়ণ সন্দৰ্ভত শ্রীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰী পালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।