October 26, 2026 11:55 AM | Tamulpur

printer

তামুলপুৰত একেখন মঞ্চতে কালিৰে পৰা ৮১ সংখ্যক লক্ষ্মী পূজা আৰু বড়ো জনগোষ্ঠীৰ মাইনাও পূজা মহোৎসৱ অনুষ্ঠিত

 তামুলপুৰ জিলাৰ তেতেলিগুৰি-কালাকুছি বাৰোৱাৰী পূজা ক্ষেত্ৰত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি একেখন মঞ্চতে কালিৰে পৰা ৮১ সংখ্যক লক্ষ্মী পূজা আৰু বড়ো জনগোষ্ঠীৰ মাইনাও পূজা মহোৎসৱ অনুষ্ঠিত হৈছে। সাংসদ প্রমোদ বড়োৱে মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ পাছত বড়ো জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি- নীতিৰে বাথৌ আজ পৰিৱেশন কৰে। পূজা মহোৎসৱৰ কালি প্ৰথম দিনা উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। সন্ধিয়াৰ ভাগত আয়তীৰ নাম, ওজাপালি, নাট, নাগাৰা নাম, কুইজ প্রতিযোগিতা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।