January 22, 2026 8:00 PM

views 44

চিৰাং জিলাত ২৪,৬৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

চিৰাং জিলাৰ চিদলী-চিৰাং বিধানসভা সমষ্টিৰ ২৪ হাজাৰ ৬৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হয়। জিলাখনৰ সুভাইঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অভিযানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী আৰু মন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। শ্রীমহিলাৰীয়ে মহিলাসকলক প্ৰাৰম্ভিক পুঁজিৰ ধনৰাশি উচিত কামত ব্যৱহাৰ কৰি স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, যে চৰকাৰৰ এই পদক্ষেপে মহিলাসকলক ক্ষুদ্র...

October 11, 2025 12:33 PM

views 61

চিৰাং জিলাত অনুষ্ঠিত আদি কর্মযোগী অভিযানৰ কৰ্মশালাৰ সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহ পিছপৰা অঞ্চল তথা জনজাতীয়লোকে বাস কৰা এলেকাত সঠিকভাৱে ৰূপায়ণ কৰাৰ লক্ষ্যৰে চিৰাং জিলাত যোৱা ৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা বিষয়াসকলৰ কৰ্মশালাৰ কালি সামৰণি পৰে। জনজাতীয় লোকসকলে যাতে চৰকাৰৰ বিকাশমুখী আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে আদি কৰ্মযোগী অভিযান শীর্ষক বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি জনজাতি অধ্যুষিত গাঁওসমূহত সজাগতামূলক অভিযান চলোৱা হৈছে। চিৰাং জিলাত অনুষ্ঠিত আদি কর্মযোগী অভিযানৰ কৰ্মশালাত ৰাজ্যিক ...

July 12, 2025 6:46 PM

views 64

কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ মুৰববী প্রমোদ বড়োৱে কাৰ্যালয় গৃহটোৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৰাজ্য চৰকাৰৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া বড়ো সাহিত্য সভাৰ এই কার্যালয়ে জনগোষ্ঠীটোৰ সাহিত্য-সংস্কৃতিৰ উন্নয়নত সহায়ক হ'ব বুলি শ্ৰীবড়োয়ে আশা প্রকাশ কৰে। আজি গোসাইগাওঁ, চিৰাং আৰু বিজনীত এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। কোকৰাঝাৰ জিলা সাহিত্য সভা আৰু গুৱাহাটীস্থিত কেন্দ্রীয় বড়ো ...

July 5, 2025 6:56 PM

views 71

চিৰাঙত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সমদল

নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিৰাং জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত আজি কাজলগাঁৱত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এটা সজাগতা সমদল উলিওৱা হয়। জিলা আয়ুক্ত যতীন বৰাই মুকলি কৰা এই বাইক সমদলত দুশৰো অধিক লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত বাৰ্তা প্ৰচাৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ সজাগতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সন্মিলিত প্রচেষ্টাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীবৰাই এখন সুস্থ আৰু মাদক দ্ৰব্য বিহীন স...

May 27, 2025 6:51 PM

views 68

চিৰাংত কাজলগাঁৱত সংহত জিলা কাৰাগাৰ পৰিদৰ্শন ৰূপেশ গোৱালাৰ

চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ আৰক্ষী চাউনিৰ কাষত নিৰ্মাণ কৰি উলিওৱা সংহত জিলা কাৰাগাৰ আজি মন্ত্ৰী ৰূপেশ গোৱালাই পৰিদৰ্শন কৰে। আধুনিক সা-সুবিধাযুক্ত এই জিলা কাৰাগাৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এই কাৰাগাৰখন উত্তৰ পূৱৰ ভিতৰতে উন্নত মানৰ কৰি গঢি়  তোলা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। প্ৰায় ৭৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই কাৰাগাৰখন অহা ২১ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা। চিদলিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়কে ধৰি কেইবাগৰাকী বিষয়া মন্ত্ৰীগ...

March 8, 2025 6:58 PM

views 69

চিৰাংত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত

চিৰাং জিলাৰ সদৰ কাজল গাঁৱত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত হয়। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষক মেলাৰ আজি দ্বিতীয় দিনা এলানি কৃষি বিষয়ক প্রশিক্ষণ অনুষ্ঠিত হয়। এই মেলাত কৃষি, মীন, ৰেচম আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ সৈতে জড়িত শতাধিক কৃষকে অংশগ্ৰহণ কৰে। ভালেসংখ্যক কৃষক আৰু উদ্যমীয়ে এই মেলাত নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে কৃষিজাত সামগ্রীসহ অন্যান্য সামগ্ৰী বিক্ৰী কৰে। মৌ পালন আৰু ইয়াৰ ব্যৱ...

February 8, 2025 8:33 PM

views 55

বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি জিলাক সামৰি এডভাণ্টেজ আছামৰ কর্মশালা

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে আজি কোকৰাঝাৰত থকা বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি এখন কর্মশালা অনুষ্ঠিত হয়। কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কোকৰাঝাৰৰ জিলা আয়ুক্তই এই কৰ্মশালাত অংশগ্রহণ কৰে।

January 7, 2025 8:38 PM

views 52

চিৰাং জিলাৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত প্রদর্শনী তথা প্রতিযোগিতা অনুষ্ঠিত

চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত বুনিয়াদী স্তৰৰ সাক্ষৰতা শিক্ষণ-শিকন সামগ্ৰীৰ জিলা পৰ্যায়ৰ প্রদর্শনী তথা প্রতিযোগিতা অনুষ্ঠিত হয়। বুনিয়াদী স্তৰৰ পাঠদান সৃষ্টিশীল, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত শিক্ষণ সামগ্ৰীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰদৰ্শনী তথা প্রতিযোগিতাত জিলাখনৰ চিদলী আৰু বড়োবজাৰ শিক্ষা খণ্ডৰ নিৰ্বাচিত মুঠ ১২ খন বিদ্যালয়ে অংশগ...

December 9, 2024 1:43 PM

views 67

চিৰাং জিলাৰ ঝাৰবিষপানীত বন বিভাগৰ অভিযানত বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ঝাৰবিষপানীত কালি বন বিভাগৰ দলে অভিযান চলাই বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। বন বিভাগৰ দলটোৱে বাসুদেৱ ৰায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা নাহৰফুটুকীৰ হাৰ, হৰিণাৰ শিং আদি জব্দ কৰি ফৰেণচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বন্যজন্তুৰ অংগ- প্ৰত্যংগ সৰবৰাহত জড়িত আন এজন লোকক বিচাৰি বন বিভাগৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে।

September 8, 2024 11:55 AM

views 71

চিৰাং জিলাৰ বিজনীত ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

চিৰাং জিলাতো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি বিজনীস্থিত জিৰণি গৃহ প্ৰাংগণত এই দিৱস পালন কৰা হ'ব । ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তৰুণ দেৱৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অনাতাঁৰ শিল্পী অশোক ব্ৰহ্মই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, সমবেত সংগীত, আই সকলৰ নাম, সম্বৰ্ধনা অনুষ্ঠান, ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু স্মৃতিচাৰণ সভাৰো আয়োজন কৰিছে। স্মৃতিচাৰণ সভাত ...