কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহ পিছপৰা অঞ্চল তথা জনজাতীয়লোকে বাস কৰা এলেকাত সঠিকভাৱে ৰূপায়ণ কৰাৰ লক্ষ্যৰে চিৰাং জিলাত যোৱা ৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা বিষয়াসকলৰ কৰ্মশালাৰ কালি সামৰণি পৰে। জনজাতীয় লোকসকলে যাতে চৰকাৰৰ বিকাশমুখী আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে আদি কৰ্মযোগী অভিযান শীর্ষক বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি জনজাতি অধ্যুষিত গাঁওসমূহত সজাগতামূলক অভিযান চলোৱা হৈছে। চিৰাং জিলাত অনুষ্ঠিত আদি কর্মযোগী অভিযানৰ কৰ্মশালাত ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণপ্ৰাপ্ত পাঁচগৰাকী প্ৰশিক্ষকে খণ্ড পৰ্যায়ৰ ১৩ গৰাকী বিষয়াক প্রশিক্ষণ প্ৰদান কৰে। কৰ্মশালাত অংশ লৈ জিলা আয়ুক্ত যতীন বৰাই গাঁও পৰিষদ উন্নয়ন সমিতিসমূহত একোটাকৈ আদি সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু প্ৰতিটো বিভাগৰ পৰা একোজনকৈ বিষয়াক নিয়োগ কৰা হ’ব বুলি উল্লেখ কৰে ।
Assamese | October 11, 2025 12:33 PM | Chirang
চিৰাং জিলাত অনুষ্ঠিত আদি কর্মযোগী অভিযানৰ কৰ্মশালাৰ সামৰণি